প্ৰথমতেই......
মই পোলাও বনাবৰ বাবে লৈছো -
১/ আধা কেজি জহা চাউল...
২/ এটা গাজৰ
৩/ সেউজীয়া মটৰ
৪/ বিন
৫/ পিয়াজ , লং , ইলাইছি, কিচমিচ, কাজু, তেজপাত
৬ আধা চামুচ চেনি আৰু সোৱাদ অনুসৰি নিমখ ।
ৰন্ধন প্ৰণালী : প্ৰথমতেই প্ৰেচাৰ কুকাৰটো গেছত অলপ সময় গৰম কৰিম তাৰ পিছত অকনমান ৰিফাইন তেল দিম । তেলখিনি গৰম হোৱাৰ পিছতে আধা চামুচ চেনি দিম কালাৰ টো আহিবৰ কাৰণে । তাৰ পাছত লং ইলাইচি , জলকীয়া তেজপাত পিয়াজ সকলোখিনি এদ কৰিম । অলপ সময় লৰাই থাকি গাজৰ , মটৰ, বিন খিনি ক তেলত দি দিম । তেনেকৈ ১ মিনিট মান সময় আমি লৰাই থাকিম তাৰপিছত তুকি থোৱা জহা চাউল খিনি তাতেই দি দিম । তেনেকৈ চাউল খিনিও অলপমান তেলত সিজাব । চাউলখিনি ভালকৈ লৰাব যাতে ভাগি নাযায় । তাৰ পাছত কিচমিচ বা বাদাম এদ কৰিম । লাহে লাহে দুবাৰ মান লৰাই থাকি চাউল খিনি দুব যোৱাকৈ পানী এদ কৰিম । তাৰপাছত ভাল কৈ এবাৰ লৰাই কুকাৰৰ ধাকনি খন মাৰি দি এটা হুচেইল ত ৰাখি দিম । তেনেকৈ পোলাও খিনি প্ৰস্তুত হৈ যাব ।
তাৰপিছত সেয়া আপোনালোকে চিকেন ৰ লগত ও খাব পাৰিব । নহবা পনিৰ বা অন্য ৰেচিপিৰ সৈতে খাব পাৰিব ।
ধন্যবাদ । 🙏🙏
🖋 কৃষ্ণা জ্যোতি জোনাক , যোৰহাট